তিনিটা শিশুৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এটি শিশুৱে হাস্পতাললৈ নিয়াৰ পথত মৃত্যু সাবটি লয়।
পূজাৰ আনন্দৰ মাজতে ধুবুৰীৰ সোনাখুলিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS 17L 6331 নম্বৰৰ এখন চাৰিচকীয়া বাহনে মহতিয়াই নিলে চাৰিটি শিশুক। এই দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় শিশু চাৰিটিয়ে। তিনিটা শিশুৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এটি শিশুৱে হাস্পতাললৈ নিয়াৰ পথত মৃত্যু সাবটি লয়।
মৃত্যু হোৱা শিশুকেইটাৰ নাম মৰিয়ম খাতুন (১০), জুবায়েৰ হুছেইন (৭), আবু ৰিহান (৪০ দিন) আৰু মেহেদি হুছেইন (৫)। প্ৰাতঃভ্ৰমণলৈ যোৱা শিশু কেইটাক ছাগলীয়াৰ ফালৰ পৰা ধুবুৰী অভিমুখী এখন বাহনে মহতিয়াই নিয়ে। নিহত শিশুকেইটাৰ ঘৰ সোণাখুলি দ্বিতীয় খণ্ড গাঁৱত।পুৱা ৪০ দিনীয়া দেৱশিশুটিক কোলাত লৈ বাকী তিনিটা শিশু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল। সেই সময়তে তীব্ৰ বেগত অহা কিয়া ছ’নেট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে। ঘটনাস্থলীত আগমনি আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰে।এই দুৰ্ঘটনাত তিনিটা শিশুৰ থিতাতে মৃত্যু হয়। আনহাতে ৪০ দিনীয়া দেৱশিশুটি গুৰুতৰভাৱে আহত। কিন্তু হাস্পতাললৈ নিয়াৰ পথত ৪০ দিনীয়া দেৱশিশুটিৰো মৃত্যু হয়। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।